20/08/2026
শিল্পী সুজিত দাসৰ পুথিচিত্ৰ ৰাজ্যপাল ৰমেন ডেকালৈ উপহাৰ
________________________________________________
নগাঁৱৰ শংকৰ মিছনৰ এক বিশেষ অনুষ্ঠানত ছত্তীশগড়ৰ ৰাজ্যপাল তথা অসমৰ বিশিষ্ট ব্যক্তি ক শিল্পী সুজিত দাসে অংকন কৰা ঐতিহ্যবাহী অসমৰ পুথিচিত্ৰ উপহাৰ হিচাপে প্ৰদান কৰা হয়।
অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত আৰু প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱাই শিল্পী সুজিত দাসৰ দ্বাৰা অংকিত এই বিশেষ পুথিচিত্ৰখন ৰাজ্যপাল ৰমেন ডেকাৰ হাতত আনুষ্ঠানিকভাৱে অৰ্পণ কৰে।
অসমৰ প্ৰাচীন পুথিচিত্ৰ পৰম্পৰা, সাংস্কৃতিক ঐতিহ্য আৰু শিল্পকলাৰ এক অনন্য নিদৰ্শন হিচাপে এই পুথিচিত্ৰই অসমৰ সমৃদ্ধ কলা-সংস্কৃতিক প্ৰতিফলিত কৰিছে। ৰাজ্যপালগৰাকীক এই শিল্পকৰ্ম উপহাৰ দিয়াৰ জৰিয়তে অসমৰ ঐতিহ্যবাহী পুথিচিত্ৰকলাৰ প্ৰচাৰ আৰু সংৰক্ষণৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ বাৰ্তা বহন কৰিছে।
GOVERNOR Chhattisgarh Tourism Sujit Das Official Manab Jyoti Bora Rupak Sarmah Sujit Das CMO Assam Bijay Gupta